Deutéronome 16
La Pâque et les pains sans levain
1আপুনি আবীব মাহ মানিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিব; কিয়নো আবীব মাহতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক মিচৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল। 2ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ মেৰ-ছাগ, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব। 3মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল। 4সাদিনলৈকে আপোনালোকৰ সকলো সীমাত, আপোনালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনক সন্ধ্যাকালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে গোটেই ৰাতি থকা অৱশিষ্ট নাথাকক। 5ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিব। 6কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব। 7আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাব। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাব। 8আপোনালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাব; আৰু সপ্তম দিনা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম-সভা আয়োজন হ’ব, সেই দিনা আপোনালোকে কোনো কাম নকৰিব।
La fête des semaines
9তাৰ পাছত আপোনালোকে সাত সপ্তাহ লেখ কৰিব। শস্যত প্ৰথমে কাচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ গন্তি কৰিব। 10আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব। 11আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব। 12আৰু আপোনালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিল, তাক সোঁৱৰণ কৰিব; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য কৰিব।
La fête des tabernacles
13পাছত আপোনালোকৰ শস্যমৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব। 14আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব। 15যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিব। কিয়নো আপোনালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব, আৰু আপোনালোক সকলোভাৱে আনন্দিত হ’ব। 16ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে। 17ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।
La justice, rien que la justice
18ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব। 19আপুনি বলপূর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটাই। 20তাতে আপুনি জীয়াই থাকি, আপোনাৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলোভাৱে যি ন্যায়, সেই মতে চলিব।
Le culte interdit
21তাত আপুনি আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যি যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিব, তাৰ গুৰিত আচেৰা মুৰ্ত্তি বুলি কোনো প্ৰকাৰৰ কাঠ স্থাপন নকৰিব। 22আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিব।