Deutéronome 10
De nouvelles tables et l'arche
1সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা। 2তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।” 3সেইবাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো। 4যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ আপোনালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল। 5তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’ 6তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে। 7সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল। 8সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
9সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য। 10পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল। 11যিহোৱাই মোক কৈছিল, “তুমি উঠি লোকসকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষসকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।”
Ce que le Seigneur demande
12ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে; 13লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে। 14শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ। 15কেৱল আপোনালোকৰ পূর্বপুৰুষসকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ আপোনালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও আপোনালোক তেওঁৰ সেই মনোনীত জাতি। 16সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব। 17কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়। 18তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে। 19আপোনালোকেও বিদেশীক প্ৰেম কৰিব; কিয়নো মিচৰ দেশত আপোনালোকো বিদেশী আছিল।
20আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিব। 21তেওঁৱেই আপোনালোকৰ প্ৰশংসা, তেওঁৱেই আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে। 22আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।