Actes 5

Ananias et Saphira

1তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷ 2অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনি সকলৰ চৰণত থলে। 3তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?

4সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”। 5এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।। 6পাছত যুৱক সকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে। 7প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে। 8পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?” তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।” 9তেতিয়া পিতৰে চাফীৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যি সকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।” 10তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুৱক সকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে। 11মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।

Beaucoup sont guéris

12পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল। 13যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন লোক সকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে। 14কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে। 15ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি। 16যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।

Un ange ouvre la prison

17কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল 18তেওঁলোকে পাঁচনি সকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে। 19কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে, 20“যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোক সকলৰ আগত কোৱাগৈ”। 21আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতিপুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে মহা-পুৰোহিত আৰু তেওঁৰ সংগী সকলে আহি ইস্ৰায়েলী সকলৰ জেষ্ঠ লোকৰ এক মহাসভা মাতিলে আৰু পাঁচনি সকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে। 22কিন্তু সেই বিষয়া সকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে, 23“আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।”

Il faut obéir à Dieu plutôt qu'aux hommes

24এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্ৰধান পুৰোহিত সকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল। 25তেনেতে কোনোবা এজনে আহি জনালে যে, “আপোনালোকে যি সকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোক সকলক উপদেশ দি আছে।” 26তেতিয়া সেনাপতি জনে তেওঁৰ লোক সকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনি সকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনি সকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে। 27পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে, মহা-পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে, 28“এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।” 29তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত। 30যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে। 31সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।

32এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।”

Le conseil de Gamaliel

33এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনি সকলক বধ কৰিবলৈ বিচাৰিলে। 34কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ’ল আৰু পাঁচনি সকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে। 35তাৰ পাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোক সকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওক। 36কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰি শ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল। 37এই মানুহ জনৰ পাছত, লোক পিয়লৰ সময়ত যিহূদা নামৰ গালীলীয়া এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল। 38এতিয়া মই আপোনালোকক কওঁ, এই লোক সকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেনেহলে ই ব্যর্থ হব৷ 39কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে। 40তাৰ পাছত তেওঁলোকে পাঁচনি সকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ আদেশ দি যাবলৈ দিলে।

41পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল। 42ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।

Copié !
Aa