诗篇 134

你们要在夜间称颂耶和华

1হে যিহোৱাৰ দাসবোৰ, তোমালোকৰ যিসকলে যিহোৱাৰ গৃহত ৰাতি থিয় হৈ তেওঁৰ পৰিচর্যা কৰি থাকা, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা। 2তোমালোকে পবিত্ৰ স্থানৰ ফাললৈ নিজৰ নিজৰ হাত তুলি যিহোৱাৰ ধন্যবাদ কৰা। 3যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰক।

已复制!
Aa