Salmi 26

Esaminami, Signore

1হে যিহোৱা, মোৰ বিচাৰ কৰা, কিয়নো মই নিজ সিদ্ধতাত চলিছোঁ, অলৰভাৱে মই যিহোৱাত ভাৰসা কৰিছোঁ। 2হে যিহোৱা, তুমি মোক পৰীক্ষা কৰি মোৰ শুদ্ধতাৰ প্রমাণ চোৱা; মোৰ হৃদয় আৰু মনক খপি চোৱা। 3কাৰণ তোমাৰ অসীম দয়া মোৰ চকুৰ আগত আছে, মই তোমাৰ বিশ্বস্ততাত চলা-ফুৰা কৰোঁ। 4প্রৱঞ্চক লোকসকলৰ লগত মই বহা নাই। অসৎ লোকসকলৰ সৈতে মই মিলা-মিছা কৰা নাই। 5মই দুষ্টবোৰৰ সমাজক ঘৃণা কৰোঁ; দুষ্ট লোকৰ লগত নবহো। 6হে যিহোৱা, মই মোৰ নিৰ্দোষীতাত হাত ধোওঁ, আৰু তোমাৰ যজ্ঞবেদী প্রদক্ষিণ কৰোঁ, 7যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ। 8হে যিহোৱা, যি গৃহত তুমি নিবাস কৰা, তোমাৰ গৌৰৱ সেই ঠাইত থাকে, মই তোমাৰ নিবাস গৃহক ভাল পাওঁ।

9পাপীবোৰৰ লগত মোৰ প্ৰাণ লৈ নাযাবা; ৰক্তপাতী মনুষ্যবোৰৰ লগত মোৰ জীৱন নিনিবা। 10তেওঁলোকৰ হাতত দুষ্টতাৰ পৰিকল্পনা আছে; তেওঁলোকৰ সোঁহাত উৎকোচেৰে ভৰা। 11কিন্তু মই হলে নিজ সিদ্ধতাত চলোঁ; মোক মুক্ত কৰা; মোক কৃপা কৰা। 12মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে; মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম।

Copiato!
Aa