Psalms 114

When Israel came out of Egypt

1ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল, 2তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য। 3সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল। 4পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে। 5হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?

6হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা? 7হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা। 8তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।

Copied!
Aa