Jesaja 56

Fremde, die dem HERRN anhangen

1যিহোৱাই এই কথা কৈছে, “তোমালোকে যি ন্যায়সঙ্গত তাক পালন কৰা, যি সত্যপৰায়ণ তাক কৰা; কাৰণ মোৰ পৰিত্ৰাণ অতি ওচৰ, আৰু মোৰ ধর্মপৰায়ণতা মুহর্ততে প্ৰকাশ পাব। 2যি মানুহে এই কৰ্ম কৰে, আৰু যি সকলে তাক দৃঢ় ভাবে ধৰি ৰাখে তেওঁলোক আশীর্বাদপ্রাপ্ত হ’ব। তেওঁলোকে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম বাৰ পালন কৰে, আৰু নিজৰ হাত যিকোনো কুকৰ্ম নকৰাকৈ ধৰি ৰাখে।” 3“যিহোৱাই নিশ্চয়কৈ মোক নিজৰ লোকসকলৰ পৰা পৃথক কৰি থ’ব,” এই বুলি যিসকল বিদেশী যিহোৱাৰ অনুগামী তেওঁলোকে নকওক। “চোৱা, মই শুকান গছ,” এই বুলি নপুংসকে ক’ব নালাগে। 4কাৰণ যিহোৱাই এই কথা কৈছে, যি সকল নপুংসক মোৰ বিশ্ৰাম বাৰ পালন কৰে, আৰু মই সন্তুষ্ট হোৱা বিষয় বাচি ল’য়, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে- 5তেওঁলোকৰ বাবে মই মোৰ গৃহত আৰু মোৰ দেৱালৰ ভিতৰত ল’ৰা আৰু ছোৱালী সকলতকৈ উত্তম কীর্তিস্তম্ভ স্হাপন কৰিম; কেতিয়াও লুপ্ত নোহোৱা চিৰস্থায়ী কীর্তিস্তম্ভ তেওঁলোকক দিম।” 6যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে- 7সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব। 8যি জনে ইস্ৰায়েলৰ সমাজচ্যুত সকলক গোটায়, সেই ঈশ্বৰ যিহোৱাই ঘোষনা কৰিছে: তেওঁলোকৰ উপৰিও মই এতিয়াও আন লোকসকলকো গোটাম।

Wächter, die blind sind

9পথাৰৰ সকলো বনৰীয়া জন্তুবোৰ, অৰন্যত থকা জন্তুবোৰ, আহা আৰু গ্রাস কৰ! 10তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়। 11সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা মেৰ-ছাগ ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী। 12তেওঁলোকে কয়, “আহা আমি দ্ৰাক্ষাৰস আৰু সুৰা পান কৰোঁহক; অহা কালি আজিৰ দৰে হ’ব, জুখিব নোৱাৰাকৈ এটা মহান দিন হ’ব।”

Kopiert!
Aa