욥기 26

이는 그의 행사의 단편일 뿐이라

1তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে, 2“তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা! আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা! 3আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা! আৰু মূল কথা বৰ ভালকৈ বুজালা!

4তুমি নো কাৰ আগত কথা কলা? কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?” 5বিল্দদে উত্তৰ কৰি ক’লে, “যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন, যিসকলে জল সমূহৰ তলত নিবাস কৰে --- 6তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই। 7তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে, আৰু পৃথিবীক শূন্যত ওলোমাই থয়। 8তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে; তথাপি জলৰ ভৰত মেঘ নাফাটে। 9তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে, আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে। 10যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে, সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে, 11তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে, আৰু বিচুৰ্ত্তি হয়,

12তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়, আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে। 13তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়; আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে। 14চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?

복사됨!
Aa