Salmos 30

Cambiaste mi lamento en baile

1হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা। 2হে মোৰ ঈশ্বৰ যিহোৱা, মই সহায়ৰ বাবে তোমাৰ আগত কাতৰোক্তি কৰাত, তুমি মোক সুস্থ কৰিলা। 3হে যিহোৱা, তুমি মোৰ প্ৰাণ চিয়োলৰ পৰা তুলি আনিলা, তুমি মোক গাতলৈ যাব নিদি জীয়াই ৰাখিলা। 4হে যিহোৱাৰ ভক্তগণ, তোমালোকে তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। 5কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে। 6সুখৰ দিনত মই কৈছিলোঁ, “মোক কোনেও লৰাব নোৱাৰিব।” 7হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা; কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ। 8হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ, মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁ:

9“মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে? ধুলিয়ে জানো তোমাৰ প্ৰশংসা নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব? 10হে যিহোৱা, শুনা, মোক কৃপা কৰা, হে যিহোৱা, মোৰ সহায় হোৱা।” 11শোক অৱস্থাৰ পৰা তুমি মোক নৃত্যৰ উৎসৱলৈ আনিলা; শোকৰ চট কাপোৰ খুলি তুমি মোক আনন্দৰ বস্ত্র পিন্ধালা, 12যাতে মোৰ অন্তৰ নীৰৱে নাথাকে বৰং তোমাৰ উদ্দেশ্যে প্রশংসাৰ গীত গায়; হে মোৰ ঈশ্বৰ যিহোৱা, মই অনন্ত কাললৈকে তোমাৰ ধন্যবাদ কৰিম।

¡Copiado!
Aa